এলবাৰ্ট আইনষ্টাইন

এলবাৰ্ট আইনষ্টাইন (ইংৰাজী: Albert Einstein) (pron.: /ˈælbərt ˈaɪnstaɪn/; German: [ˈalbɐt ˈaɪnʃtaɪn] ( শুনক); জাৰ্মানীৰ উইটেনবাৰ্গ অঞ্চলৰ উলম চহৰত ১৮৭৯ খৃষ্টাব্দৰ ১৪ মাৰ্চত জন্মগ্ৰহণ কৰা এজন তাত্ত্বিক পদাৰ্থ বিজ্ঞানী। তেখেতৰ আপেক্ষিকতাবাদ তত্ত্ব আধুনিক পদাৰ্থ বিজ্ঞানৰ ভেটি স্বৰুপ। তাত্বিক পদাৰ্থবিদ্যালৈ অৱদান বিশেষকৈ আলোক বিদ্যুত পৰিঘটনাৰ বাবে ১৯২১ চনত তেওঁক পদাৰ্থবিজ্ঞানৰ নোবেলেৰে পুৰস্কৃত কৰা হয় । এই আলোক বিদ্যুত পৰিঘটনাই পাচলৈ কোৱান্টাম তত্ত্বৰ সুচনা কৰে[উদ্ধৃতিৰ প্ৰয়োজন] । আইনষ্টাইনে ভাবিচিল যে নিউটনীয় বলবিদ্যাই ধ্ৰুপদী পদাৰ্থবিদ্যা আৰু বিদ্যুত চুম্বকীয় সুত্ৰসমুহৰ মাজত যোগসুত্ৰ স্থাপন কৰিবলৈ সক্ষম হোৱা নাই। সেয়ে তেওঁ বিশেষ আপেক্ষিকতাবাদ তত্ত্ব গঢ় দিয়ে । পাচলৈ তেওঁ আপেক্ষিকতাবাদ সুত্ৰ মহাকৰ্ষণীয় ক্ষেত্ৰৰ বাবেও প্ৰয়োগ কৰে আৰু ১৯১৬ চনত সাধাৰণ আপেক্ষিকতাবাদ তত্ত্ব প্ৰকাশ কৰে । কোৱান্টাম তত্ত্ব আৰু পাৰিসাংখ্যিক বলবিদ্যালৈ আইনষ্টাইনে আগবঢ়োৱা অৱদানৰ ভিতৰত কনিকা তত্ত্ব আৰু অনুৰ গতি উল্লেখযোগ্য। ১৯৩৩ চনত হিটলাৰে যেতিয়া জাৰ্মানীত ক্ষমতা দখল কৰে আইনষ্টাইনে যুক্তৰাষ্ট্ৰ ভ্ৰমন কৰি আছিল। সেই সময়ত বাৰ্লিন অকাদেমী অফ চাইন্সৰ অধ্যাপক আইনষ্টাইন আৰু জাৰ্মানীলৈ ঘুৰি ন……গল। তেওঁ যুক্তৰাষ্ট্ৰতে বসবাস কৰে আৰু ১৯৪০ চনত যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব গ্ৰহন কৰে । ২য় বিশ্বযুদ্ধৰ কালত আইনষ্টাইনৰ এখন চিঠিয়ে সেইসময়ৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ৰুজভেল্টক পৰমাণু অস্ত্ৰৰ প্ৰয়োজনীয়্তা সম্পৰ্কে সজাগ কৰে । আৰু এইদৰেই মানহাটান প্ৰকল্পৰ সুচনা হয় । পাচলৈ হিৰোচিমা আৰু নাগাচাকিত আনৱিক বোমাৰ ভয়াৱহতা দেখি অনুশোচনাত ভোগে । আনৱিক বোমাৰ ভয়াৱহতাৰ বিষয়ে বৰ্ননা কৰি লিখা ৰাচেল-আইনষ্টাইন ইস্তাহাৰত বাৰ্ট্ৰাণ্ড ৰাচেলৰ সৈতে তেওঁ স্বাক্ষৰ কৰে । আইনষ্টাইনে প্ৰায় ৩০০ বৈজ্ঞানিক প্ৰবন্ধ আৰু প্ৰায় ১৫০ সাধাৰণ প্ৰবন্ধ ৰচনা কৰে ।


From Wikipedia, the free encyclopedia · View on Wikipedia

Developed by Nelliwinne