শ্ৰীলংকা

শ্ৰীলঙ্কা (/sriːˈlɑːŋkə[unsupported input]-ˈlæŋkə/ or /ʃriː-/;) (সিংহল: ශ්‍රී ලංකාව, শ্ৰী লাংকাবা, তামিল: இலங்கை, ইলাংকাই) দক্ষিণ এছিয়াৰ এখন দ্বীপ ৰাষ্ট্ৰ। ইয়াৰ চৰকাৰী নাম গণতান্ত্ৰিক সমাজতান্ত্ৰিক প্ৰজাতন্ত্ৰী শ্ৰীলঙ্কা। ১৯৭২ চনৰ আগেয়ে এই দ্বীপ ছিলন নামেও পৰিচিত আছিল। ইয়াৰ ৰাজধানীৰ নাম শ্ৰী জয়াবৰ্ধনপুৰ কোট। ইয়াৰ প্ৰধান চহৰ কলম্বো। ভাৰতৰ দক্ষিণ উপকূলৰ পৰা ৩১ কিলোমিটাৰ দুৰত্বত অৱস্থিত। ২ কোটি জনসংখ্যাৰ এই দেশত ১৪% ৰ অধিক লোকৰ দৈনিক আয় ১.২৫ মাৰ্কিন ডলাৰৰ তলত। প্ৰাচীনকালৰ পৰাই শ্ৰীলঙ্কা বৌদ্ধ ধৰ্মাম্বলীসকলৰ তীৰ্থস্থান হিচাপে পৰিচিত। সিংহলি সম্প্ৰদায় এই দেশৰ সংখ্যাগৰিষ্ঠ জনগোষ্ঠী। উত্তৰ-পূব দিশৰ স্বতন্ত্ৰ সাংস্কৃতিক ঐতিহ্যলৈ তামিল সম্প্ৰদায় দেশৰ সৰ্ববৃহৎ সংখ্যালঘু সম্প্ৰদায়। অন্যান্য সম্প্ৰদায়ৰ মাজত মূৰ, বাৰ্ঘেৰ, কাফিৰ, মালায় ঊল্লেখযোগ্য। শ্ৰীলঙ্কাত চাহ, কফি, নাৰিকল, ৰবৰ উৎপাদন আৰু ৰপ্তানীৰ বাবে বিখ্যাত। নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্য সম্বলিত সমুদ্ৰতীৰ, ভূদৃশ্য তদুপৰী সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যই শ্ৰীলঙ্কাক পৃথিৱীৰ পৰ্যটকসকলৰ বাবে অত্যন্ত আকৰ্ষণীয় কৰি তুলিছে।


From Wikipedia, the free encyclopedia · View on Wikipedia

Developed by Nelliwinne